Genesis
আদিপুস্তক
1
1 আদিতে ঈশ্বৰে আকাশ-মণ্ডল আৰু পৃথিবী সৃষ্টি কৰিলে। 2 পৃথিবী নিৰ্জন আৰু শূণ্য আছিল; আৰু আন্ধাৰ অগাধ জলৰ ওপৰত আছিল; আৰু ঈশ্বৰৰ আত্মাই জলসমুহৰ ওপৰত উমাইছিল। 3 পাছে ঈশ্বৰে ক’লে, পোহৰ হওক; তাতে পোহৰ হ’ল। 4 তেতিয়া ঈশ্বৰে পোহৰটো উত্তম দেখি, আন্ধাৰৰ পৰা পোহৰক বেলেগ কৰিলে। 5 পাছে ঈশ্বৰে পোহৰৰ নাম দিন, আৰু আন্ধাৰৰ নাম ৰাতি থলে। গধুলি আৰু পুৱা হ’লত এক দিন হ’ল। পাছে ঈশ্বৰে পোহৰৰ নাম দিন, আৰু আন্ধাৰৰ নাম ৰাতি থলে। গধুলি আৰু পুৱা হ’লত এক দিন হ’ল।
6 পাছে ঈশ্বৰে ক’লে, জলসমুহৰ মাজত বিতান হৈ, সেয়ে জলসমুহক দুভাগ কৰি বেলেগ কৰোক, 7 এই বুলি ঈশ্বৰে বিতান নিৰ্ম্মাণ কৰি, বিতানৰ তলত থকা জলসমুহৰ পৰা বিতানৰ ওপৰৰ জলসমুহ বেলেগ কৰিলে; আৰু তেনেকুৱাই হ’ল। 8 পাছে ঈশ্বৰে সেই বিতানৰ নাম আকাশ-মণ্ডল থলে। গধুলি আৰু পুৱা হ’লত, দ্বিতীয় দিন হ’ল।
9 পাছে ঈশ্বৰে ক’লে, আকাশৰ তলত থকা জলসমুহ একেঠাইলৈ আহি গোট খাওক, আৰু স্থল ওলাওক; তাতে তেনেকুৱাই হ’ল। 10 তেতিয়া ঈশ্বৰে স্থলৰ নাম ভুমি, আৰু গোট খোৱা জলসমুহৰ নাম সমুদ্ৰ থলে; আৰু ঈশ্বৰে তাক উত্তম দেখিলে। 11 পাছে ঈশ্বৰে ক’লে, ভুমিয়ে তৃণ, গুটি ধৰা বন, আৰু ভিতৰত গুটি থকা বিধি বিধে ফল ধৰা ফলৱান বৃক্ষ মাটিৰ ওপৰত উৎপন্ন কৰোক; তাতে তেনেকুৱাই হ’ল; 12 ভুমিয়ে তৃণ, বিধে বিধে গুটি ধৰা বন, আৰু ভিতৰত গুটি থকা বিধে বিধে ফল ধৰা বৃক্ষ উৎপন্ন কৰিলে; তেতিয়া ঈশ্বৰে তাক উত্তম দেখিলে। 13 গধুলি আৰু পুৱা হ’লত, তৃতীয় দিন হ’ল।
14 পাছে ঈশ্বৰে ক’লে, দিন আৰু ৰাতি পৃথক কৰিবৰ নিমিত্তে, আকাশ-মণ্ডলৰ বিতানত জ্যোতিঃবোৰ হওক; সেইবোৰৰ চিনেই ঋতু, দিন, আৰু বছৰৰ কাৰণ হওক; 15 আৰু পৃথিবীৰ ওপৰত পোহৰ দিবলৈ, আকাশ-মণ্ডলৰ বিতানত প্ৰদীপস্বৰূপ হওক, তাতে তেনেকুৱাই হ’ল। 16 দিনৰ ওপৰত অধিকাৰ চলাবলৈ এক মহা-জ্যোতি, আৰু ৰাতিৰ ওপৰত অধিকাৰ চলাবলৈ তাতকৈ এক ক্ষুদ্ৰ-জ্যোতি, এই দুই বৃহৎ জ্যোতিঃ আৰু তৰাবোৰকো ঈশ্বৰে নিৰ্ম্মাণ কৰিলে। 17 আৰু পৃথিবীৰ ওপৰত পোহৰ দিবলৈ, 18 দিন-ৰাতিৰ ওপৰত অধিকাৰ চলাবলৈ, আৰু পোহৰকে আন্ধাৰকে বেলেগ কৰিবলৈ ঈশ্বৰে সেইবোৰক আকাশ-মণ্ডলৰ বিতানত স্থাপন কৰিলে; আৰু ঈশ্বৰে তাক উত্তম দেখিলে। 19 গধুলি আৰু পুৱা হ’লত, চতুৰ্থ দিন হ’ল।
20 পাছে ঈশ্বৰে ক’লে, জলসমুহে প্ৰচুৰ পৰিমাণে উৰগ আদি জীৱ-জন্তু কৰক, আৰু পৃথিবীৰ উৰ্দ্ধত আকাশ-মণ্ডলৰ বিতানত চৰাইবোৰ উড়ি ফুৰোক। 21 তেতিয়া ঈশ্বৰে বৰ বৰ জলজন্তু, আৰু বিধে বিধে জলসমুহত প্ৰচুৰ পৰিমাণে উৎপন্ন হোৱা উৰগ আদি জীৱ জন্তু, আৰু ডেউকা লগা সকলোবিধৰ চৰাই সৃষ্টি কৰিলে; তাতে ঈশ্বৰে তাক উত্তম দেখিলে। 22 আৰু ঈশ্বৰে সেইবোৰক আশীৰ্ব্বাদ কৰি ক’লে, তোমালোক বহুবংশ হোৱা আৰু বাঢ়ি বাঢ়ি সমুদ্ৰৰ জল পৰিপুৰ্ণ কৰা; আৰু পৃথিবীত চৰাই বৃদ্ধি হওক। 23 গধুলি আৰু পুৱা হ’লত পঞ্চম দিন হ’ল।
24 পাছে ঈশ্বৰে ক’লে, ঘৰচীয়া পশু, উৰগ প্ৰাণী, নানা বিধৰ বনৰীয়া জন্তু, এই সকলো জীৱ-জন্তু ভুমিত বিধে বিধে উৎপন্ন হওক; তাতে তেনেকুৱাই হ’ল। 25 ঈশ্বৰে বিধে বিধে বনৰীয়া জন্তু, বিধে বিধে ঘৰচীয়া পশু, আৰু মাটিত বগাই ফুৰা বিধে বিধে সকলো জন্তুকো নিৰ্ম্মাণ কৰিলে, আৰু ঈশ্বৰে তাক উত্তম দেখিলে। 26 পাছে ঈশ্বৰে ক’লে, আমি নিজৰ প্ৰতিমুৰ্ত্তিৰ দৰে, আমাৰ সাদৃশ্যেৰে মানুহ নিৰ্ম্মাণ কৰোঁহঁক; সিবিলাকে সমুদ্ৰৰ মাছ, আকাশৰ চৰাই, ঘৰচীয়া পশু, সমুদায় পৃথিবী, আৰু পৃথিবীত বগাই ফুৰা সকলো জন্তুৰ ওপৰত অধিকাৰ চলাওক। 27 তাতে ঈশ্বৰে নিজৰ প্ৰতিমুৰ্ত্তিৰে মানুহ সৃষ্চি কৰিলে; ঈশ্বৰৰ প্ৰতিমুৰ্ত্তিৰেই তাক সৃষ্টি কৰিলে; তেওঁ পুৰুষ আৰু স্ত্ৰী কৰি সিবিলাকক সৃষ্টি কৰিলে। 28 পাছে ঈশ্বৰে সিবিলাকক আশীৰ্ব্বাদ কৰিলে: ঈশ্বৰে সিবিলাকক ক’লে, তোমালোক বহুবংশ হোৱা, আৰু বাঢ়ি বাঢ়ি পৃথিবীখন পৰিপুৰ্ণ কৰা, আৰু তাক বশীভুত কৰা; আৰু সমুদ্ৰৰ মাছ; আকাশৰ চৰাই, আৰু পৃথিবীত বগাই ফুৰা সকলো জীৱ-জন্তুৰ ওপৰত অধিকাৰ চলোৱা। 29 পাছে ঈশ্বৰে ক’লে, চোৱা গোটেই পৃথিবীত থকা গুটি ধৰা সকলো বন, আৰু ভিতৰত গুটি থকা সকলো ফলৱান বৃক্ষ মই তোমালোকক দিলো; সেয়ে তোমালোক আহাৰ হ’ব। 30 আৰু সকলো বনৰীয়া জন্তু, আকাশৰ সকলো চৰাই, আৰু মাটিত বগাই ফুৰা সকলো জীৱ-জন্তু, এইবোৰৰ আহাৰৰ নিমিত্তে হ’লে, সকলো কেচাঁ বন দিলো; তাতে তেনেকুৱাই হ’ল। 31 পাছে ঈশ্বৰে নিজে নিৰ্ম্মাণ কৰা সকলোকে চাই অতি উত্তম দেখিলে। গধুলি আৰু পুৱা হ’লত ষষ্ঠ দিন হ’ল।